জুহাল, স. শ. (অং. জুইশাল। জুই ধৰা ঠাই, a fire-place
জুহাল বুলি কলে অসমীয়া সমাজত ভাত চাহ ৰান্ধিবৰ কাৰণে ব্যৱহাৰ কৰা জুইশালক বুজা যায়।
জুহাল বুলি কলেই মাটিৰে মোছা ডাঙৰ বা সৰু মাটিৰ চৌকা এটা । ডাঙৰ মাটিৰ চৌকাটোৰ কাষেৰে এটা সৰু চৌকা থাকে য'ত কাষৰ ডাঙৰ চৌকাটোৰ জুইৰ তাপেৰে পানী ইত্যাদি গৰম হয়।
জুহালৰ ওপৰত এখন ধোঁৱা চাং থাকে,য'ত মাছ ইত্যাদি শুকুৱা হয়। এই জুহালতে লাও খোলা ও দেখা যায় ,যত প্ৰাচীন অসমীয়া গৃহিনীয়ে নিমখ ৰাখিছিল।কবি নীলমণি ফুকনে এই লাও খোলাক লৈ তেওঁৰ কবিতাত লিখিছে... "বাই তোৰ আখলৰ লাওত খোলাত সাঁচ দিন উজাগৰ দুচকুৰে জ্বলাৱ পদূলিৰ কাঞ্চন গছৰ আন্ধাৰ বাই তোৰ কোন গাঁৱত ঘৰ পিন্ধনে জেতুকা তই ফাটি যোৱা কলিজাত।" এই জুহালতে বহি মাঘত গৃহিনীয়ে পিঠা পনা অতোৱাকে আদি কৰি বিভিন্ন কাম সম্পাদন কৰে।