দৈ
editদৈ এবিধ অতিকৈ পুষ্টিকৰ খাদ্য। দৈত থকা কিছুমান খাদ্যৰ উপাদান হ'ল- কেলছিয়াম, পটেছিয়াম, মেগনেছিয়াম, ভিটামিন, প্ৰ'টিন, কাৰ্ব'হাইড্ৰেট ইত্যাদি। এই উপাদানবোৰ জীৱদেহৰ বাবে অত্যন্ত প্ৰয়োজনীয়।
দৈৰ উপকাৰিতাবোৰ হ'ল-
১) খাদ্য খোৱাৰ পিছত দৈ খালে খাদ্যবস্তুখিনি সোনকালে হজম হয়।
২) দৈ গাত বা মুখত লগালে ছালখন কোমল আৰু লাহী হয় আৰু ছালৰ কোষবোৰ সতেজ হয়। শুকান ছালৰ গৰাকীৰ বাবে ই অতিকৈ উপযোগী।
৩) উচ্চ ৰক্তচাপ থকা লোকৰ বাবে দৈ খোৱাটো খুব ভাল। দৈত থকা বিশেষ প্ৰ'টিন, পটেছিয়াম আৰু মগনেছিয়ামে উচ্চ ৰক্তচাপ হ্ৰাস কৰাত সহায় কৰে আৰু হৃদযন্ত্ৰটো সুস্থ কৰি ৰাখে।
৪) মহিলাসকলে দৈ খালে কিছুমান গুপ্তাঙ্গজনিত ৰোগৰ পৰা হাত সাৰিব পাৰে। দৈত থকা লেক্ট'বেছিলাছ নামৰ বেক্টেৰিয়াবিধে এই ক্ষেত্ৰত বিশেষ ভূমিকা লয়।
৫) দৈ খালে হাড় আৰু দাঁতৰ গঠন ভাল হয়, কাৰণ ইয়াত যথেষ্ট পৰিমাণে কেলছিয়াম থাকে।
৬) দৈ খালে পেট ঠাণ্ডা হৈ থাকে আৰু টোপনি ভাল হয়।
দৈৰ অপকাৰিতা নাই বুলিলেই ক'ব পাৰি। তথাপি অতি বেছিকৈ দৈ খোৱাটো কিছুমান ৰোগৰ বাবে ক্ষতিকাৰক। এটা সমীক্ষা মতে গ্ৰীষ্মকালত (শাওণ, ভাদ) মানুহৰ গেছজনিত সমস্যাবোৰ বেছি হয়। সেইবাবে এইসময়ত দৈ কমকৈ খোৱাটো ভাল। ১০০ গ্ৰাম দৈত থকা খাদ্যৰ বিভিন্ন উপাদানবোৰ তলত দিয়া ধৰণৰ-
কেলৰি ৯৮, কাৰ্ব'হাইড্ৰেট ৩.৪ গ্ৰাম, চৰ্বি ৪.৩ গ্ৰাম, প্ৰ'টিন ১১ গ্ৰাম, ছ'ডিয়াম ৩৬৪ মিলিগ্ৰাম, পটেছিয়াম ১০৪ মিলিগ্ৰাম। ইয়াৰ উপৰিও দৈত কেলছিয়াম, মগনেছিয়াম, ভিটামিন এ, ভিটামিন ডি, ভিটামিন বি-১২ আদিও থাকে।