মিচিং মুৰং ঘৰ আৰু ইয়াৰ তাৎপৰ্য :

            মিচিং সকল এসময়ত পাহাৰৰ বাসিন্দা আছিল। প্ৰায় এঘাৰ শতিকা মানত তেওঁলোকে ভৈয়ামলৈ প্ৰব্ৰজন কৰে। বৰ্তমান অসমৰ বিভিন্ন ঠাইত মিচিং সকলৰ বসতি দেখা পোৱা যায়
          মিচিং সকল বাহঁ-বেতেৰে নিৰ্মিত ওখ ঘৰত বসবাস কৰে। ইয়াক চাংঘৰ বুলি জনা যায়। মুৰং ঘৰও মূলত চাংঘৰেই । মিচিং সকলে বাস কৰা চাংঘৰতকৈ মুৰং ঘৰ অলপ দীঘল আৰু বহল।মিচিং জনজাতিৰ মুৰং ঘৰ তেওঁলোকৰ কেৱল ঘৰেই নহয়,ই তেওঁলোকৰ কৃষ্টি-সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ স্বৰূপ। "মুৰং" শব্দৰ উৎপত্তি সম্পৰ্কে বিভিন্ন জনে বিভিন্ন মতামত দাঙি ধৰিছে। মৃৰং, ম:ৰং আদি বিভিন্ন নামেৰে মুৰং ঘৰক জনা যায়। কিন্তু সকলো শব্দই একেটা অৰ্থই বহন কৰে।  উত্তৰ কাছাৰৰ মাৰ জনগোষ্ঠীৰ লোকসকলে মুৰং ঘৰক 'বুদনডাল', কাৰ্বি সকলে 'ফাৰলা', ডিমাছা কছাৰীয়ে 'নদ্ৰাং', লালুং সকলে 'চামাদি', নগাসকলে 'বেনাচি' , গালুক সকলে 'ৰাচেং' বুলি কয়।
              মিচিং সকলে আদিম যুগৰ পৰাই মুৰং ঘৰৰ কৃষ্টি-সংস্কৃতি বহন কৰি আহিছে। বিভিন্ন উৎসৱ-পাৰ্বন, ডেকা-গাভৰুৰ বিভিন্ন খেল-ধেমালি, নাচ-গান আদিৰ শিক্ষাকেন্দ্ৰ  তথা সভাসমিতিৰ বিশিষ্ট ব্যক্তিক আদৰ অপ্যায়ন কৰাত  মিচিং মুৰংঘৰৰ যথেষ্ট তাৎপৰ্য আছে। পাহাৰীয়া লোকসকলে ইয়াক নিশা প্ৰহৰীকেন্দ্ৰ হিচাপে অধিক ব্যৱহাৰ কৰে। মুৰং ঘৰৰ উৎপত্তি সম্পৰ্কে বিশেষ ভাবে একো জনা যায়। তথাপি মিবু আ:বাং বোৰত বৰ্ণিত কিছু উপকথাৰ পৰা মুৰং ঘৰৰ ঐতিহ্যৰ বিষয়ে কিছু আভাস পাব পাৰি। মুৰং ঘৰ গাওঁৰ কেন্দ্ৰস্থলত স্থাপন কৰা হয়। ইয়াক মূল্যৱান কাঠেৰে বিশেষভাৱে নিৰ্মাণ কৰা হয়। মুৰং ঘৰ নিৰ্মান কৰোঁতে বহুতো নীতি-নিয়ম পালন কৰা হয়। শুভবাৰ-শুভক্ষণ চাইহে এই কাৰ্য সম্পন্ন কৰা হয় ।
       মুৰং ঘৰ নিৰ্মানৰ বাবে তাপিদ, তাকিনাং , তালে , তাংন আদি কাঠ ব্যৱহাৰ কৰা হয়। মুৰং ঘৰৰ কোনো বেৰ নাথাকে ই সকলো ফালে উন্মুক্ত। মুৰং ঘৰৰ খুটাঁ বোৰত বিভিন্ন দেৱ-দেৱীৰ ছবি অংকিত থাকে। মিচিং সমাজত প:ৰাগ উৎসৱ উদ্‌যাপনৰ বাবে মুৰং ঘৰ অপৰিহাৰ্য। ইয়াৰ উপৰিও বিভিন্ন সভা-সমিতি, আলাপ-আলোচনা আদি মুৰং ঘৰতেই অনুষ্ঠিত হয়। মিচিং ডেকা-গাভৰু সকলে মুৰং ঘৰতেই নাচ-গান শিকিব পাৰে। মিচিং গাভৰুৱে মুৰং ঘৰত তাতঁশাল পাতি বোৱা-কটাও কৰে।
        পৰিবৰ্তিত সময়ত মুৰং ঘৰৰ সংস্কৃতিও অপৰিবৰ্তিত হৈ থকা নাই।  প্ৰৱল অৰ্থনৈতিক সংকটেও মুৰং ঘৰৰ সংস্কৃতিৰ অতীতৰ ধাৰাবাহিকতা অক্ষুন্ন ৰখাত প্ৰত্যাহ্বান ৰূপে থিয় দিছে। বৰ্তমান নগৰত বসবাস কৰা মিচিং সকলে পঁকী খুঁটা আৰু টিন পাতেৰে মুৰং ঘৰ নিৰ্মান কৰা দেখা যায় । যাৰ ফলত তেওঁলোকৰ প্ৰাণকেন্দ্ৰ স্বৰূপ  মুৰং ঘৰৰ অস্তিত্ব লোপ পাবলৈ ধৰিছে।