Nazrin Rohman
হজৰত চাৱাল পীৰ দৰগাহ
editঐতিহাসিক শিৱসাগৰ জিলাৰ শিমলুগুৰি নগৰৰপৰা প্ৰায় ২.৫ কিলোমিটাৰ আতঁৰৰ সেন্দুৰী দেওধাই গাঁৱত আছে হজৰত মাসুম আলী ওৰফে চাৱাল পীৰ চাহেবৰ দৰগাহ। তেখেতৰ বিষয়ে ইতিহাসত কোনো লিখিত তথ্য উদ্ধাৰ হোৱা নাই ।কিন্তু আমাৰ অঞ্চলৰ সৰ্বসাধাৰণ ৰাইজৰ মুখে মুখে চাৱাল পীৰৰ বিষয়ে প্ৰচলিত বহু কাহিনী বা প্ৰবাদ শুনা যায়।এই কথা বা কাহিনী সমূহ লিপিবদ্ধ কৰি ৰাখিব পাৰিলে ই ইতিহাসৰ অমূল্য সম্পদ হব। আহোম ৰজাৰ ৰাজত্বকালত মৰুৰ দেশৰ পৰা বহু কেইগৰাকী ইছলাম ধৰ্মী চুফী সাধক তথা ধৰ্ম প্ৰচাৰকৰ আগমন ঘটিছিল। তাৰ ভিতৰত আজান ফকীৰৰ কথা সকলোৱে জানো । প্ৰবাদ আছে যে আজান ফকীৰৰ লগত ধৰ্ম প্ৰচাৰৰ বাবে চাৰিজন সংগী আহিছিল। তাৰ ভিতৰত সৰ্ব কনিষ্ঠজনেই আছিল হজৰত মাসুম আলী ওৰফে চাৱাল পীৰ। কথিত আছে যে আজান ফকীৰৰ মৃত্যুৰ পাছত ধৰ্ম প্ৰচাৰৰ বিষয়ে চাৱাল পীৰে তেখেতৰ সংগীসকলৰ লগত কৰা আলোচনাৰ কথা স্বৰ্গদেউৰ কাণত পৰাত পীৰ চাহেবক ৰাজসভাত হাজিৰ হবলৈ আদেশ দিয়া হয়।স্বৰ্গদেউৰ আদেশ মতে তেখেত গৈ ৰাজসভাত উপস্থিত হোৱাত তেখেতক তেওঁলোকে কৰা আলোচনাৰ বিষয়ে প্ৰশ্ন কৰা হয়। চাৱাল পীৰে তেতিয়া কৈছিল যে আজান ফকীৰ চাহেবৰ মৃত্যুৰ পিছত ধৰ্ম প্ৰচাৰৰ দায়িত্ব তেওঁৰ ওপৰত ন্যস্ত কৰা হৈছে। এই কথা শুনি স্বৰ্গদেউৱে তেখেতৰ মাহাত্ম্য আৰু ঐশ্বৰিক শক্তি তিনিটা পৰীক্ষাৰ দ্বাৰা প্ৰমাণ কৰিবলৈ কয়। এই পৰীক্ষাত সফল হলেহে ৰাজ্যত ধৰ্ম প্ৰচাৰৰ অনুমতি প্ৰদান কৰা হব । এই পৰীক্ষা তিনিটা আছিল১/ভৰ বাৰিষাত খোজ কাঢ়ি দিখৌ নদীৰ ইপাৰৰপৰা সিপাৰ হব লাগিব,২/দুই বাহু আৰু এক উৰুত বিষ লগা কাড়ৰ বিষ বহন কৰিব লাগিব আৰু৩/সাতদিন কোনো সুৰুঙা নথকা এটা গাঁতত সমাধিস্থ হৈ সুস্থ শৰীৰে পুনৰ দেখা দি নিজৰ মাহাত্ম্য প্ৰমাণ কৰি দেখুওৱাব লাগিব। চাৱাল পীৰ ডাঙৰীয়া সন্মত হয় আৰু প্ৰতিটো পৰীক্ষাৰ বাবে সাতদিনকৈ সময় লয়। তেখেতে ভৰ বাৰিষা দুয়ো পাৰ ফেনেফুটুকাৰে বাঢ়ি থকা দিখৌ নদী খোজকাঢ়ি পাৰ হৈ দেখুৱালে, বিষ লগা কাড়ৰ বিষো দেহত বহন কৰি দেখালে। তৃতীয় পৰীক্ষাৰ পূৰ্বে চাৱাল পীৰ ডাঙৰীয়াই স্বৰ্গদেউ ক জনায় যে সমাধিৰপৰা উঠি তেওঁ যিফালেই দৃষ্টি নিক্ষেপ কৰিব সেই ফালৰ গছগছনি শুকাই লেৰেলি যাব, পুখুৰীৰ পানী শুকাই যাব।সেই কাৰণে সেই স্থানৰ ৰাইজক তাৰপৰা আতঁৰাই ৰাখে যেন । সপ্তম দিনা গড়গাঁও ৰাজকাৰেঙৰপৰা উত্তৰ পূব দিশত বৰ্তমানৰ ৰামু আৰু দেওধাই গাঁৱৰ সীমাত থকা পীৰ চাহেবৰ সমাধি খান্দি তেখেতক চিজদাৰ ভংগীত বহি তছবীহ (জপমালা)লৈ থকা দেখা যায়। সকলো ৰজাঘৰীয়া তথা ৰাইজ হতবাক হৈ পৰে।সমাধিৰপৰা উঠি তেখেতে পশ্চিম দিশলৈ দৃষ্টি নিক্ষেপ কৰাৰ লগে লগে সেই দিশত অৱস্থিত গছ গছনি বিলাকৰ পাত শুকাই লেৰেলি গল,ৰজাৰ ভোগবাৰীত জূই লাগে আৰু ৰহঢলা পুখুৰীৰ পানী শুকাই যায় বুলি কথিত আছে। তেখেতৰ দৰগাহৰ এটা দিশত থকা গছ গছনিসমুহ আজিও জুয়ে পোৰা ৰঙৰ যেন লাগে। তেখেতৰ মাহাত্ম্য আৰু অলৌকিক শক্তিত প্ৰভাৱিত হৈ তৃতীয় পৰীক্ষা সম্পন্ন হোৱা স্থানতে স্বৰ্গদেউ প্ৰতাপ সিংহই পীৰজনাক দহবিঘা মাটি দি ঘৰ সাজি দিছিল।(পিছে বৰ্তমান দৰগাহৰ দহবিঘা মাটিৰ অধিকাংশ ই বেদখলকাৰীৰ কৱলত।) আন এক কিংবদন্তিমতে সেন্দুৰী দেওধাই গাঁৱৰ ৰাইজক ডাইনীৰ কু প্ৰভাৱৰপৰা মুক্ত কৰিবলৈ ৰজাই চাৱাল পীৰ ডাঙৰীয়াৰ সহায় লৈছিল। প্ৰবাদ অনুসৰি চাৱাল পীৰ চাহেবে দুগৰাকী আহোম ৰমণী বিয়া কৰাইছিল। তাৰ এগৰাকীৰ নাম সেন্দুৰী আই আছিল বুলি কথিত আছে।দুয়োগৰাকীৰ সমাধি এই অঞ্চলতেই আছে যদিও চিনাক্ত কৰিব পৰা হোৱা নাই।কথিত আছে যে পীৰজনাৰ ইচ্ছা মৃত্যু হৈছিল। মৃত্যুৰ পাছত তেখেতক ৰজাই দিয়া ভেটিতেই কৱৰ দিয়া হৈছিল। চাৰিওফালে আহোম জনগোষ্ঠীৰ বাসিন্দাৰ মাজত অৱস্থিত চাৱাল পীৰৰ দৰগাহ।তাত ওচৰে পাজৰে এঘৰো ইছলাম ধৰ্মীৰ ঘৰ নাই। এই আহোম জনগোষ্ঠীৰ লোকসকলেই এই পৱিত্ৰ দৰগাহৰ চোৱাচিতা কৰি আহিছে আৰু এই দৰগাহক তেওঁলোকে অতি সন্মান কৰি চলে। ৰাইজৰ মাজত বিশ্বাস আছে যে চাৱাল পীৰ চাহেবৰ দৰগাহত আহি প্ৰাৰ্থনা কৰিলে মনৰ আশা পূৰ্ণ হয়,সেই কাৰণে জাতি, বৰ্ণ,ধৰ্ম নিৰ্বিশেষে সকলো লোক এই দৰগাহলৈ আহে। সম্প্ৰীতি আৰু সমন্বয়ৰ প্ৰতীক চাৱাল পীৰ ডাঙৰীয়াৰ দৰগাহ কোনো চৰকাৰী আচঁনিৰ অন্তৰ্ভুক্ত আজিলৈকে নহল যদিও স্থানীয় ৰাইজৰ সহযোগত পূৰ্বৰ জৰাৰ্জীণ অৱস্থাৰপৰা এই দৰগাহ বহু উন্নত হল। Nazrin Rohman (talk) 08:46, 23 July 2022 (UTC)